Showing posts with label অসমৰ ঐতিহ্যপূৰ্ণ বনভোজস্থলী – টেঙাপানী. Show all posts
Showing posts with label অসমৰ ঐতিহ্যপূৰ্ণ বনভোজস্থলী – টেঙাপানী. Show all posts

Wednesday, 19 April 2017

অসমৰ ঐতিহ্যপূৰ্ণ বনভোজস্থলী – টেঙাপানী






            প্ৰকৃতিৰ অভিনৱ সৃষ্টিৰে ভৰপূৰ পৃথীৱীত বহুতো ঠাই আছে তাৰ ভিতৰত এনে কিছুমান ঠাই আছে যিবোৰ আমাৰ দৃষ্টিৰ বহু আতৰত তেনে এক ঐতিহ্যপূৰ্ণ ঠাই হৈছে টেঙাপানী
            অসমৰ নগাওঁ জিলাৰ কঠীয়াতলীত অৱস্থিত এক ঐতিহ্যপূৰ্ণ বনভোজস্থলী টেঙাপানী কঠীয়াতলীৰ মাজ মজিয়াৰ পৰা প্ৰায় ২ কিঃমিঃ নিলগত অৱস্থিত প্ৰকৃতিৰ এক অভিনৱ সৃষ্টি টেঙাপানী ঠাইখনৰ নাম অনুসৰি ঠাইখনৰ পানীখিনিও টেঙা এই ঠাইখিনিৰ পানীখিনিও কিয় টেঙা ইয়াক সঠিকৈ কোনেও কব নোৱাৰে বা জানিব পৰা নাযায়। প্ৰবাদ মতে, অতীততে হেনো এটা প্ৰকাণ্ড শিল আহি এই ঠাইত পৰিছিল । সেই তেতিয়াৰ পৰাই হেনো এই ঠাইৰ পানীখিনি টেঙা । প্ৰকৃতিৰ অপৰূপ সৃষ্টিৰে ভৰপূৰ এই ঠাইৰ পানীখিনি কোনো ঠাইৰ পৰা বাগৰি অহা নহয়, এই ঠাইৰ পানীখিনি মাটিৰ তলৰ পৰা নিগৰি নিগৰি ওলোৱা । ইয়াৰ পানীখিনি পৰিষ্কাৰ, সুস্বাদু আৰু খোৱাৰ ববে উপযোগী । এই ঠাইত আছে এটা নিজৰা, চুইচ গেট, এটা সউচ্চ পাহাৰ । এই ঠাই পৰিদৰ্শনৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ আহে ।

          
              
              বনভোজৰ বাবেও ই এক উত্তম ঠাই । প্ৰকৃতিৰ মনোৰম সৃষ্টিৰে ভৰা,সুউচ্চ পাহাৰ, পাহাৰৰ পৰা নিজ ধ্বনি ব্যাত ৰাখি বৈ অহা নিজৰা আৰু চৌদিশে আৱৰা চাহপাতৰ বহুদূৰ ব্যাপি বাগিছা। এই ঠাইৰ পৰিৱেশ অতি মনোমোহা,শান্তিপূৰ্ণ আৰু স্বাস্থ্যকৰ। এনে এক মধুৰ আৰু স্বাস্থ্যকৰ পৰিৱেশৰ মাজত বনভোজ খোৱা বা আনন্দ উপভূগ কৰা মাদকতাই সুকিয়া। বনভূজ প্ৰেমি আৰু প্ৰকৃতি প্ৰেমিৰ বাবে এনে ঠাই অতি প্ৰিয়। এই ঠাই চাবলৈ আৰু ইয়াৰ প্ৰাকৃiতিক পৰিৱেশ উপভোগ কৰিবলৈ বনভোজৰ সময়ত বহুতো মানুহৰ সমাগম ঘটে । বিশেষকৈ ডিচেম্বৰ জানুৱাৰী মাহত ইয়ালৈ বনভুজৰ আনন্দ লবলৈ দূৰ-দূৰণিৰ মানুহৰ সমাগম ঘটে। এই ঠাই পৰিদৰ্শন কৰিবলৈ অসমৰ লগতে অসমৰ চুবুৰিয়া ৰাজ্যবোৰৰ মানুহো ইয়ালৈ আহে ।

                             
              
           এই ঠাইখনৰ কথা মানুহৰ মাজত অধিক জনপ্ৰিয় কৰিবলৈ বিভিন্ন টিভি চেনেল যেনে “National Geography” আৰু স্থানীয় চেনেলবোৰৰ মানুহ আহি ইয়াৰ ফটো লৈ গৈছে । এই ঠাইক অধিক জনপ্ৰিয় কৰিবলৈ বিভিন্ন জনে বিভিন্ন website ত নিজৰ লিখনি প্ৰকাশ কৰিছে । তেনে এটা অধিক প্ৰচলিত website হৈছে WWW.Assam Spider.com
                প্ৰকৃতিয়ে সৃষ্টি কৰা মনোমোহা প্ৰকৃতিৰ মাজতে অসমীয়া চলচিত্ৰ জগতৰ এখন বোলছবি চিত্ৰ গ্ৰহনৰ কাম ইয়াতে কৰা হৈছিল । যিখনৰ নাম আছিল ৰনাংগিনী। এইদৰে বিভিন্ন জনে যিদৰে পাৰে সেইদৰেই এই ঠাইক জনপ্ৰিয় কৰি গৈছে। এই ঠাইক মনোৰম আৰু জাকত- জিলিকা কৰি তুলিবলৈ চাহবাগন কৰ্মকৰ্তা সকলে ইয়াৰ চৌদিশে বেৰ বান্ধি পৰিষ্কাৰ কৈ ৰাখিছে।