Wednesday, 19 April 2017

অসমৰ ঐতিহ্যপূৰ্ণ বনভোজস্থলী – টেঙাপানী






            প্ৰকৃতিৰ অভিনৱ সৃষ্টিৰে ভৰপূৰ পৃথীৱীত বহুতো ঠাই আছে তাৰ ভিতৰত এনে কিছুমান ঠাই আছে যিবোৰ আমাৰ দৃষ্টিৰ বহু আতৰত তেনে এক ঐতিহ্যপূৰ্ণ ঠাই হৈছে টেঙাপানী
            অসমৰ নগাওঁ জিলাৰ কঠীয়াতলীত অৱস্থিত এক ঐতিহ্যপূৰ্ণ বনভোজস্থলী টেঙাপানী কঠীয়াতলীৰ মাজ মজিয়াৰ পৰা প্ৰায় ২ কিঃমিঃ নিলগত অৱস্থিত প্ৰকৃতিৰ এক অভিনৱ সৃষ্টি টেঙাপানী ঠাইখনৰ নাম অনুসৰি ঠাইখনৰ পানীখিনিও টেঙা এই ঠাইখিনিৰ পানীখিনিও কিয় টেঙা ইয়াক সঠিকৈ কোনেও কব নোৱাৰে বা জানিব পৰা নাযায়। প্ৰবাদ মতে, অতীততে হেনো এটা প্ৰকাণ্ড শিল আহি এই ঠাইত পৰিছিল । সেই তেতিয়াৰ পৰাই হেনো এই ঠাইৰ পানীখিনি টেঙা । প্ৰকৃতিৰ অপৰূপ সৃষ্টিৰে ভৰপূৰ এই ঠাইৰ পানীখিনি কোনো ঠাইৰ পৰা বাগৰি অহা নহয়, এই ঠাইৰ পানীখিনি মাটিৰ তলৰ পৰা নিগৰি নিগৰি ওলোৱা । ইয়াৰ পানীখিনি পৰিষ্কাৰ, সুস্বাদু আৰু খোৱাৰ ববে উপযোগী । এই ঠাইত আছে এটা নিজৰা, চুইচ গেট, এটা সউচ্চ পাহাৰ । এই ঠাই পৰিদৰ্শনৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ আহে ।

          
              
              বনভোজৰ বাবেও ই এক উত্তম ঠাই । প্ৰকৃতিৰ মনোৰম সৃষ্টিৰে ভৰা,সুউচ্চ পাহাৰ, পাহাৰৰ পৰা নিজ ধ্বনি ব্যাত ৰাখি বৈ অহা নিজৰা আৰু চৌদিশে আৱৰা চাহপাতৰ বহুদূৰ ব্যাপি বাগিছা। এই ঠাইৰ পৰিৱেশ অতি মনোমোহা,শান্তিপূৰ্ণ আৰু স্বাস্থ্যকৰ। এনে এক মধুৰ আৰু স্বাস্থ্যকৰ পৰিৱেশৰ মাজত বনভোজ খোৱা বা আনন্দ উপভূগ কৰা মাদকতাই সুকিয়া। বনভূজ প্ৰেমি আৰু প্ৰকৃতি প্ৰেমিৰ বাবে এনে ঠাই অতি প্ৰিয়। এই ঠাই চাবলৈ আৰু ইয়াৰ প্ৰাকৃiতিক পৰিৱেশ উপভোগ কৰিবলৈ বনভোজৰ সময়ত বহুতো মানুহৰ সমাগম ঘটে । বিশেষকৈ ডিচেম্বৰ জানুৱাৰী মাহত ইয়ালৈ বনভুজৰ আনন্দ লবলৈ দূৰ-দূৰণিৰ মানুহৰ সমাগম ঘটে। এই ঠাই পৰিদৰ্শন কৰিবলৈ অসমৰ লগতে অসমৰ চুবুৰিয়া ৰাজ্যবোৰৰ মানুহো ইয়ালৈ আহে ।

                             
              
           এই ঠাইখনৰ কথা মানুহৰ মাজত অধিক জনপ্ৰিয় কৰিবলৈ বিভিন্ন টিভি চেনেল যেনে “National Geography” আৰু স্থানীয় চেনেলবোৰৰ মানুহ আহি ইয়াৰ ফটো লৈ গৈছে । এই ঠাইক অধিক জনপ্ৰিয় কৰিবলৈ বিভিন্ন জনে বিভিন্ন website ত নিজৰ লিখনি প্ৰকাশ কৰিছে । তেনে এটা অধিক প্ৰচলিত website হৈছে WWW.Assam Spider.com
                প্ৰকৃতিয়ে সৃষ্টি কৰা মনোমোহা প্ৰকৃতিৰ মাজতে অসমীয়া চলচিত্ৰ জগতৰ এখন বোলছবি চিত্ৰ গ্ৰহনৰ কাম ইয়াতে কৰা হৈছিল । যিখনৰ নাম আছিল ৰনাংগিনী। এইদৰে বিভিন্ন জনে যিদৰে পাৰে সেইদৰেই এই ঠাইক জনপ্ৰিয় কৰি গৈছে। এই ঠাইক মনোৰম আৰু জাকত- জিলিকা কৰি তুলিবলৈ চাহবাগন কৰ্মকৰ্তা সকলে ইয়াৰ চৌদিশে বেৰ বান্ধি পৰিষ্কাৰ কৈ ৰাখিছে।



                                           
  


Friday, 23 December 2016

শিৱসাগৰৰ কৃতিস্তম্ভ নিৰ্মাণ কৰোতাৰ বিলাই

  
        


 


                 
                  যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজলিক শক্তিৰে ভৰপূৰ অসমত বহুতো ঐতিহাসিক ঠাই আছে এনে কোনো ঐতিহাসিক ঠাইতে লুকাই থাকে কোনো ঐতিহ্যপূৰ্ণ ঘটনা এই কথা আমি ইতিহাসৰ পাঠ লুতিয়াই চালে ইয়াৰ বহুতো দৃশ্চান্ত দেখিবলৈ পাওঁ

             তেনে এক ঐতিহ্যপূৰ্ণ ঠাই হৈছে শিৱসাগৰ শিৱসগৰৰ  প্ৰায়  মাজ মজিয়াতে আছে ৰংঘৰ, তলাতলঘৰ, তাৰ অলপ আতৰতে আছে জয়দৌল, শিৱদৌল, দেৱীদৌল তাৰ পৰা ১৭ কি:মি: আতৰত থকা আহোম যুগৰ ৰাজধানী গড়গাওঁতে আছে কাৰেংঘৰ এই কথা ইতিহাসৰ পাঠ লুতিয়ালেই গম পোৱা যায় এই অভূতপূৰ্ব ঠাইবোৰতে আছে কিছুমান ৰজাদিনীয়া কৃতিস্তম্ভ এই সকলোৱে গম পালেও এই কথাটো বহুতে সঠিক ভাৱে নাজানে যে এই কৃতিস্তম্ভবোৰৰ নিৰ্মাণ কৰোতা কোন
      
                  এই  ৰংঘৰ, কাৰেংঘৰ আদি  কৃতিস্তম্ভবোৰৰ নিৰ্মাণ কৰোতা বিশ্বকৰ্মা সদৃশ মনুষ্যজন আছিল ঘনশ্যাম খনিকৰঘনশ্যাম খনিকৰ ধৰ্মত বঙালী মুছলমানৰ পৰা দিক্ষিত হোৱা এজন হিন্দু ধৰ্মালম্বীৰ লোক আছিল

                    তেওঁ  নিৰ্মাণ  কৰা  কলা  শৈলীবোৰত মোগল যুগৰ  ভাস্কৰ্য্যৰ  নিদৰ্শন পোৱা যায় এই কলা শৈলীবোৰৰ ভিতৰত মৰুভূমিৰ উট আৰু তাত আৰোহণকাৰী জনৰ বেশ ভুষাৰ চিত্ৰ উলেখযোগ্য এই চিত্ৰ বা চিহ্নবোৰে প্ৰমাণ কৰে যে এই কৃতিস্তম্ভবোৰ কোনো মোগল খনিকৰৰ দ্বাৰা নিৰ্মাণ কৰা বা মোগল
কলা শৈলিৰ প্ৰভাৱ ইয়াত পৰিছে
 
                   
                    এই কৃতিস্তম্ভবোৰ নিৰ্মাণ কৰোতা ঘনশ্যাম খনিকৰৰ পিছত কি হল এই কথা সঠিক ভাৱে গম পোৱা নাযায় মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে যে ছাহজাহনে তজমহল নিৰ্মাণ কৰা খনিকৰ জনৰ হাত কাটি দিয়াৰ দৰে তেওঁকো জীয়াই জীয়াই কবৰ দিয়া হৈছিল বা এটা কোঠালীত বন্ধ কৰি ওখ দেৱালৰ মাজত বন্ধ কৰি দিয়া হৈছিল এইদৰে নানন দুখ যান্ত্ৰণা সহ্য কৰি শেষত তেওঁ মৃত্যুক সাবতি লৱ লগা হৈছিল তেওঁক যিটো ঘৰত কবৰ দিয়া হৈছিল বা বন্দী কৰি ৰখা হৈছিল সেই ঘৰটোৱে ঘনশ্যাম ঘৰ বা ঘনশ্যাম দৌল নামেৰে প্ৰসিদ্ধ    

                 এই ঘনশ্যাম দৌলটো জয়সাগৰৰ পাৰৰ পশ্চিম পাৰত অৱস্থিত বৰ্তমান উন্নত সংৰক্ষণৰ অভাৱত দৌলটো জহি খহি যাৱ ধৰিছে বহু দিনৰ আগতে চৰকাৰৰ সাহাৰ্য্যত লাচিত বৰফুকণৰ প্ৰতিমূৰ্তিৰ সৈতে ৰুদ্ৰসিংহ স্মৃতি উদ্যান নামেৰে এখন উদ্যান নিৰ্মাণ কৰা হৈছিল যদিও সংৰক্ষণৰ অভাৱত জহি খহি গৈ জংঘলত পৰিণত হৱ ধৰিছে এনে দৰে সংৰক্ষণৰ অভাৱত হয়তো এদিন এই দৌলটোৰ অস্তিত্বই নোহোৱা হৈ যাৱ এই মহান খনিকৰ মৰ্মান্তিক মৃত্যু স্থলিক সকলোৱে সংৰক্ষণ কৰে যেন আৰু চৰকাৰে এই দৌলটোৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যেন