যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজলিক শক্তিৰে
ভৰপূৰ অসমত বহুতো ঐতিহাসিক ঠাই আছে ।এনে কোনো ঐতিহাসিক ঠাইতে লুকাই থাকে কোনো ঐতিহ্যপূৰ্ণ ঘটনা। এই
কথা আমি ইতিহাসৰ পাঠ লুতিয়াই চালে ইয়াৰ বহুতো দৃশ্চান্ত দেখিবলৈ পাওঁ।
তেনে এক ঐতিহ্যপূৰ্ণ
ঠাই হৈছে শিৱসাগৰ । শিৱসগৰৰ প্ৰায় মাজ মজিয়াতে আছে ৰংঘৰ, তলাতলঘৰ, তাৰ অলপ আতৰতে আছে জয়দৌল, শিৱদৌল, দেৱীদৌল।
তাৰ
পৰা ১৭ কি:মি: আতৰত থকা আহোম যুগৰ
ৰাজধানী গড়গাওঁতে আছে কাৰেংঘৰ।
এই
কথা ইতিহাসৰ পাঠ লুতিয়ালেই গম পোৱা যায়। এই অভূতপূৰ্ব ঠাইবোৰতে আছে
কিছুমান ৰজাদিনীয়া কৃতিস্তম্ভ ।
এই
সকলোৱে গম পালেও এই কথাটো বহুতে সঠিক ভাৱে নাজানে যে এই কৃতিস্তম্ভবোৰৰ নিৰ্মাণ কৰোতা
কোন?
এই ৰংঘৰ, কাৰেংঘৰ আদি কৃতিস্তম্ভবোৰৰ নিৰ্মাণ কৰোতা বিশ্বকৰ্মা সদৃশ মনুষ্যজন আছিল ঘনশ্যাম
খনিকৰ। ঘনশ্যাম
খনিকৰ ধৰ্মত বঙালী মুছলমানৰ পৰা দিক্ষিত হোৱা এজন হিন্দু ধৰ্মালম্বীৰ লোক আছিল।
তেওঁ নিৰ্মাণ কৰা কলা শৈলীবোৰত মোগল যুগৰ ভাস্কৰ্য্যৰ নিদৰ্শন পোৱা যায়। এই
কলা শৈলীবোৰৰ ভিতৰত মৰুভূমিৰ উট আৰু তাত আৰোহণকাৰী জনৰ বেশ ভুষাৰ চিত্ৰ উলেখযোগ্য। এই
চিত্ৰ বা চিহ্নবোৰে প্ৰমাণ কৰে যে এই কৃতিস্তম্ভবোৰ কোনো মোগল খনিকৰৰ দ্বাৰা নিৰ্মাণ
কৰা বা মোগল
কলা
শৈলিৰ প্ৰভাৱ ইয়াত পৰিছে।
এই কৃতিস্তম্ভবোৰ নিৰ্মাণ কৰোতা ঘনশ্যাম
খনিকৰৰ পিছত কি হ’ল এই কথা সঠিক ভাৱে গম পোৱা নাযায়। মানুহৰ
মুখে মুখে প্ৰচলিত হৈ আহিছে যে ছাহজাহনে তজমহল নিৰ্মাণ কৰা খনিকৰ জনৰ হাত কাটি দিয়াৰ
দৰে তেওঁকো জীয়াই জীয়াই কবৰ দিয়া হৈছিল বা এটা কোঠালীত বন্ধ কৰি ওখ দেৱালৰ মাজত বন্ধ
কৰি দিয়া হৈছিল।
এইদৰে
নানন দুখ যান্ত্ৰণা সহ্য কৰি শেষত তেওঁ মৃত্যুক সাবতি লৱ লগা হৈছিল। তেওঁক
যিটো ঘৰত কবৰ দিয়া হৈছিল বা বন্দী কৰি ৰখা হৈছিল সেই ঘৰটোৱে ঘনশ্যাম ঘৰ বা ঘনশ্যাম
দৌল নামেৰে প্ৰসিদ্ধ।
এই ঘনশ্যাম দৌলটো
জয়সাগৰৰ পাৰৰ পশ্চিম পাৰত অৱস্থিত। বৰ্তমান উন্নত সংৰক্ষণৰ অভাৱত
দৌলটো জহি খহি যাৱ ধৰিছে।
বহু
দিনৰ আগতে চৰকাৰৰ সাহাৰ্য্যত লাচিত বৰফুকণৰ প্ৰতিমূৰ্তিৰ সৈতে ৰুদ্ৰসিংহ স্মৃতি উদ্যান
নামেৰে এখন উদ্যান নিৰ্মাণ কৰা হৈছিল যদিও সংৰক্ষণৰ অভাৱত জহি খহি গৈ জংঘলত পৰিণত হৱ
ধৰিছে। এনে
দৰে সংৰক্ষণৰ অভাৱত হয়তো এদিন এই দৌলটোৰ অস্তিত্বই নোহোৱা হৈ যাৱ। এই
মহান খনিকৰ মৰ্মান্তিক মৃত্যু স্থলিক সকলোৱে সংৰক্ষণ কৰে যেন আৰু চৰকাৰে এই দৌলটোৰ
সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যেন।